তেজপুৰঃ চিটুৰ শোণিতপুৰ জিলা সমিতিয়ে আজি কেইবাশতাধিক মহিলা শ্ৰমিকৰ উপস্থিতিত বিশাল সমদল উলিয়াই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ জিলাখনৰ অংগনবাড়ী কৰ্মী-সহায়িকা, মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু আশা কৰ্মীসকলৰ সমস্যা সমাধানৰ দাবীত চিটুৱে চৰকাৰৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।
অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে মৰ্য্যদা দিয়া, অংগনবাড়ী কৰ্মী-সহায়িকা, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মীক দৰমহা দিয়াৰ ব্যৱস্থা কৰা, মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক গতাই দিয়াৰ সিন্ধান্ত বাতিল কৰা, ন্যুনতম ৫ হাজাৰ টকা মাননি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলা শ্ৰমিকসকলে৷