73
ডিজিটেল ডেস্কঃ চিকিমৰ সাই বাবা মন্দিৰৰ আৰ্হিৰ মণ্ডপেৰে এইবাৰৰ গীতানগৰ পূজা মণ্ডপ। প্ৰত্যেক বছৰে অগতানুগতিক পূজা মণ্ডপেৰে গুৱাহাটীৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ পূজা মণ্ডপ হিচাপে পৰিগণিত হৈ আহিছে গীতানগৰ সাৰ্বজনীন দূৰ্গা পূজাই।
অকল মণ্ডপৰ ক্ষেত্রতে নহয় প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰতো পৰিৱেশ সুৰক্ষাক অগ্ৰাধিকাৰ দি সম্পূৰ্ণ মাটিৰে নিৰ্মান কৰে এই পূজাৰ প্ৰতিমা। এই বৰ্ষও দেৱীৰ পৰিহিত বস্ত্ৰ আৰু আ অলংকাৰ সম্পূৰ্ণৰূপে মৃণ্ময়।