গুৱাহাটীঃ গুৱাহাটীৰ মহানগৰীৰ পাৰ্শ্বৱৰ্তী বহু জনজাতি অধ্যুষিত ঠাই ‘ইক’ ছেনছিটিভ জ’ন’ হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰাত ক্ষোভত ফাটি পৰিছে জনগোষ্ঠীয় লোকসকল৷ এই খবৰ বহু পলমকৈ লাভ কৰি ক্ষোভিত হৈ চৰকাৰে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমিৰ ওপৰত থকা অধিকাৰ নোহোৱা কৰিলে বুলি কৈ প্ৰতিবাদ কৰাৰো সিন্ধান্ত লয়৷
মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, পানীখাইতি, বীৰকুছি, নাৰেংগী, সোণাপুৰত এতিয়া ‘ইক’ ছেনছিটিভ জ’ন’ক লৈ সৰৱ চৰ্চা অব্যাহত আছে৷ জনজাতীয় ভূমিপুত্ৰক সুৰক্ষা দিয়াৰ পৰিবৰ্তে চৰকাৰে ‘ইক’ চেনছিটিভ জ’ন’ত বসবাস কৰা বুলি হাৰাশাস্তি কৰাৰ হে পথ মুকলি কৰা বুলি কয় অঞ্চলসমূহৰ লোকসকলে৷