গুৱাহাটীঃ প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী তথা ছামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে দুৰ্নীতিৰে ধন, বিশাল সম্পত্তি ঘটা বুলি সোচ্চাৰ হৈ থকাৰ সময়তে খোদ কেলংকাৰীত মেৰ খাই পৰিল বিজেপি নেতা জিতু গোস্বামী৷
যোৱা বিধানসভা নিৰ্বাচনত ছামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰা জিতু গোস্বামীয়ে শেহতীয়াকৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷ একালৰ কংগ্ৰেছ নেতা অনিল ৰাজাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিশাল সম্পত্তি থকা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে তালিকা পৰ্যন্ত ৰাজহুৱা কৰে৷