গুৱাহাটীঃ প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী তথা ছামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে দুৰ্নীতিৰে ধন, বিশাল সম্পত্তি ঘটা বুলি সোচ্চাৰ হৈ থকাৰ সময়তে খোদ  কেলংকাৰীত মেৰ খাই পৰিল বিজেপি নেতা জিতু গোস্বামী৷ 

যোৱা বিধানসভা নিৰ্বাচনত ছামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰা জিতু গোস্বামীয়ে শেহতীয়াকৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷ একালৰ কংগ্ৰেছ নেতা অনিল ৰাজাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিশাল সম্পত্তি থকা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে তালিকা পৰ্যন্ত ৰাজহুৱা কৰে৷ 

তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিয়ে ৰকিবুল হুছেইনৰ সম্পত্তিৰ৷ তদন্তকাৰী বিষয়াই নগাঁৱৰ বিভিন্ন প্ৰান্তত ৰকিবুলৰ সম্পত্তিৰ তদন্ত কৰিবলৈ যোৱাৰ পিছতে বিজেপি নেতা জিতু গোস্বমীয়ে আক্ৰমণাত্মক হৈ পৰিছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে৷ তাৰ পিছতে জিতু গোস্বামীৰ বিৰুদ্ধে বেংক ঘোটালা সন্দৰ্ভত বুধবাৰে অভিযান চলাই এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে৷ 

ইণ্ডিয়ান অভাৰচীজ বেংকৰ টকা আত্মসাত্‍ কৰাৰ পূৰ্বৰ অভিযোগৰ ভিত্তিত এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে বিজেপি নেতাগৰাকীৰ ৩ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা বুলি জনাবি পৰা গৈছে৷ এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে জিতু গোস্বামীৰ লগতে পত্নীসহ আন ৪ জন লোক বিৰুদ্ধে বুধবাৰে এই অভিযান চলাই৷
জিতু গোস্বামীয়ে বৰ্তমান অসম চৰকাৰৰ ষ্টেট টেক্স বুক প্ৰডাকচন এণ্ড পাব্লিকেচন কৰ্পোৰেচনৰ উপাধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি আছে৷

বিজেপি নেতা জিতু গোস্বামীৰ লগতে পত্নীৰ বিৰুদ্ধে ইডিয়ে ইণ্ডিয়ান অভাৰচীজ বেংকৰ পৰা ভুৱা তথ্যৰে জালিয়াতিৰে কেইবাকোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ ভুৱা তথ্যৰে ঋণ লোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ বিপুল চন্দ্ৰ শৰ্মা, বৈকুণ্ঠ কলিতা, নিতু গোস্বামীৰ আৰু জেডি জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়৷