72
নতুন দিল্লীঃ সন্ত্ৰাসবাদীৰ ভাল-বেয়া নাই। তেনেদৰে কোনো ধৰ্মও নাই। সকলো সন্ত্ৰাসবাদীয়েই বেয়া, তেনে লোকৰ উদ্দেশ্যই হৈছে আনৰ ক্ষতি কৰা। এই মন্তব্য বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিঙৰ।
কিন্তু সিং চিন্তিত হৈ পৰিছে অৰ্হতাসম্পন্ন যুৱচামৰ একাংশই সন্ত্ৰাসবাদীৰ সৈতে সহযোগ কৰাৰ কথাক লৈহে।অৰ্হতাসম্পন্ন একাংশ যুৱচাম সন্ত্ৰাসবাদী চিন্তাধাৰাৰ প্ৰতি ঢাল খোৱা কথাক লৈ চিন্তা ব্যক্ত কৰে সিঙে।