49
নতুন দিল্লীঃ শেহতীয়াকৈ উত্থাপিত হোৱা ইভিএম মেনেজ কাণ্ডক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। আয়োগৰ মতে কিবা আপত্তিজনক তথ্য পালেহে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আয়োগে।
৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বিভিন্ন ৰাজনৈতিক দলসমূহে ইভিএম মেচিন টেম্পাৰিঙৰ কথালৈ নিৰ্বাচনী আয়োগৰ কাষ চাপিছিল৷ ইয়াৰে ভিতৰত সৰৱ হৈ পৰা নেতা আছিল অৰবিন্দ কেজৰিৱাল আৰু মায়াৱতী৷