11
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ নৃশংসতাই কপালে ইজিপ্ত৷ আজি দেশখনৰ ৰাজধানী চহৰ কাইৰোত এখন বাছৰ ওপৰত নৃশংস আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে৷ এই আক্ৰমনত প্ৰায় ২৮ জন নিহত আৰু ২২ জন লোক আহত হয়৷
নিহত লোকসকলৰ ভিতৰত শিশুও আছিল৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি সন্ত্ৰাসবাদীসকলে সেনাৰ বেশত প্ৰবেশ কৰিছিল বাছখনত৷ তদুপৰি বাছখনৰ আটাইকেইজন যাত্ৰী খ্ৰীষ্টান ধৰ্মৰ আছিল৷