63
ডিজিটেল ডেস্কঃ শতাধিক বছৰীয়া মামি উদ্ধাৰ হৈছে ইজিপ্তত৷ ইজিপ্ত বুলিলেই মানুহৰ মনলৈ আহে মামিৰ কথা৷ দেশখনৰ বুৰঞ্জীৰ লগত ওতপ্ৰোত সম্পৰ্ক মামিৰ৷ চলচিত্ৰত দেখুৱাৰ দৰেই মামিয়ে সদায় ৰহস্যৰ সৃষ্টি কৰিছে মানুহৰ মনত৷
যুগে যুগে মামি হৈ আহিছে কৌতুহল আৰু বিস্ময়ৰ প্ৰতীক৷ মামিৰ প্ৰতি থকা এই কৌতুহলৰ বাবেই ইজিপ্তৰ গৱেষকসকলৰ বাবে গৱেষণাৰ বিষয় হৈ আহিছে মামি ৷