গুৱাহাটীঃ অসমৰ ৩৩ খন জিলাৰ ৩০ খনেই গ্ৰীণ জ’নৰ অন্তৰ্গত হোৱাৰ সময়তে বৃহস্পতিবাৰে এটা দিনতে ৮ জনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ। ইয়াৰ লগে লগে ইমানদিনে সকলো স্বাভাৱিক হৈ থকা বুলি সন্তুষ্টি লাভ কৰি থকা অসমত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা এজন দুজনকৈ বাঢ়ি বাঢ়ি হৈছেগৈ ৫৩ জন।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিশা ৯ বাজি ২৭ মিনিটত এক টুইটযোগে জনাইছিল ৰাজস্থানৰ পৰা বাছেৰে অহা ৪ জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ খবৰ। কাছাৰ জিলাত কৰ’না পজিটিভ ধৰা পৰা লোক এজনৰ সৈতে একেখন বাছেৰে আহিছিল এই চাৰিজন লোক। অৱশ্যে এই লোক কেইজন কোন ঠাইৰ সেয়া টুইটত উল্লেখ কৰা হোৱা নাই।

ৰাজস্থানৰ পৰা অহা ৪ জন লোকৰ দেহত পজিটিভ ধৰা পৰাৰ বাতৰিয়ে সকলোকে ভবাই তোলাৰ প্ৰায় আধাঘণ্টা পিছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ১০ বাজি ০৯ মিনিটত আন এটি টুইট কৰে। এই টুইট পোৱাৰ লগে লগে লকডাউন শিথিল হোৱাত সামাজিক দূৰত্বক গুৰুত্ব দিবলৈ পাহৰি যোৱা গুৱাহাটীবাসীৰ লগতে সমগ্ৰ অসমবাসীকে আতংকিত কৰি তুলিছে।

আধাঘণ্টাৰ ভিতৰত কৰা এই দ্বিতীয়টো টুইটত আছিল গুৱাহাটী মহানগৰীতো আৰু ৪ জনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাৰ খবৰ। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে গুৱাহাটীত ধৰা পৰা এই ৪ জন লোকৰ এজন বহিঃৰাজ্যৰ পৰা অসমলৈ আহিছিল আৰু হোম কোৱাৰেণ্টাইনত আছিল। বাকী ৩ জন লোক গুৱাহাটীৰেই বুলি সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে নিজামুদ্দিনৰ ঘটনাৰ সৈতে জড়িত পজিটিভৰ ক্ষেত্ৰত কৰা টুইটত মন্ত্ৰীগৰাকীয়ে আন লোকসকল যাতে সতৰ্ক হ’ব পাৰে তাৰ বাবে ঠাই আৰু আক্ৰান্তসকলৰ নাম লগে লগে জনাইছিল। কিন্তু আজিৰ দুয়োটা টুইটত মন্ত্ৰীগৰাকীয়ে আক্ৰান্তসকলৰ নাম উল্লেখ কৰা নাই। আজিৰ টুইটত মন্ত্ৰীগৰাকীয়ে আৰু জনাই যে বৰ্তমান ৰাজ্যত সক্ৰিয় কৰ’না পজিটিভৰ ঘটনা হৈছে ১৮ টা। 

ইফালে, এটা দিনতে ৮ জনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাৰ খবৰ পাই আতংকিত হৈ পৰিছে ৰাজ্যবাসী। বিশেষকৈ লকডাউন শিথিল কৰি দিয়াত ৰাজ্যখনত ব্যৱসায়-বাণিজ্য তথা আন ক্ষেত্ৰসমূহে ছন্দ ঘূৰাই পোৱাৰ সম্ভাৱনাই দেখা দিছিল যদিও আজি নিশা অহা এই খবৰে পুনৰ সকলোকে অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে। আনকি গ্ৰীণ জ’ন হৈ থকা অঞ্চলসমূহো শীঘ্ৰেই অৰেঞ্জ অথবা ৰেড জ’ন হৈ পৰাৰ সম্ভাৱনাও ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে।

শেহতীয়া সংযোজনঃ গুৱাহাটীত আক্ৰান্ত ৪ জনৰ এগৰাকী চিকিৎসক বুলি জানিব পৰা গৈছে। ফেচবুক প্ৰফাইলত থকা মতে মহিলা চিকিৎসকগৰাকী জিএমচিএইছৰ প্ৰাক্তন চিকিৎসক আৰু তেওঁৰ ঘৰ গুৱাহাটীৰ ৰাজগড় ৰোডত। আন এজন আক্ৰান্ত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ছাফাই কৰ্মীৰ আত্মীয় বুলি আমি এক সূত্ৰৰ পৰা খবৰ লাভ কৰিছে। বাকী দুজনৰ এজন গুৱাহাটীৰ সমীপৱৰ্তী চাংসাৰিৰ। আনজন আক্ৰান্তৰ ঘৰ হৈছে মহানগৰীৰ চানমাৰি অঞ্চলত।

অৱশ্যে এই তথ্য সম্পৰ্কে এতিয়াও NNOৰ সাংবাদিক ১০০ শতাংশ নিশ্চিত হ'ব পৰা নাই। নিশ্চিত তথ্য পোৱাৰ লগে লগে সেয়া সবিস্তাৰে আমি প্ৰকাশ কৰিম। ভয় নাখাব, সতৰ্ক থাকক। আক্ৰান্তসকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ প্ৰতি দুৰ্ব্যৱহাৰ নকৰিব, বেয়াকৈ নক'ব। কোনে জানে কিজানি কাইলৈ আপোনাৰ দেহতো কৰ'না ধৰা পৰেই!