♦ প্ৰাণজিৎ ডেকা
পাছৱৰ্ড! ডিজিটেল বিশ্বত পাছৱৰ্ডৰ মহিমা অপাৰ। এটা পাছৱৰ্ডতে সমগ্ৰ বিশ্ব লুকাই থকা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। পাছৱৰ্ডৰ এই জগত যথেষ্ট সংৰক্ষণশীল। কোন মুহূৰ্তত এটা পাছৱৰ্ডে কাৰ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিব পাৰে তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। সুৰক্ষিত পাছৱৰ্ডে যিদৰে সকলো দিশেই সুৰক্ষিত কৰি ৰখাত অৰিহণা যোগাই, ঠিক একেদৰে একো একোটা অসুৰক্ষিত পাছৱৰ্ডৰ ফলতেই কাল অমানিশাও নামি আহিব পাৰে। যিকোনো ক্ষেত্ৰতে শক্তিশালী পাছৱৰ্ড এটাৰ গৰাকী হোৱাৰ অৰ্থ এয়াই যে ডিজিটেল পৃথিৱীত আপুনি যথেষ্ট শক্তিশালী আৰু নিৰাপদ।