newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৪টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ পিছতে নিৰ্বাচনী প্ৰাৰ্থীসকলৰ মাজত জয়-পৰাজয়ক লৈ চিন্তাৰ ছাঁ পৰা পৰিলক্ষিত হয়৷
ঝাৰখণ্ডৰ চিল্লী বিধানসভা সমষ্টিত অন্তিম ৰাউণ্ড ভোটগণনাৰ অন্তত জেএমএম দলৰ প্ৰাৰ্থী সীমা দেৱীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ তেওঁ প্ৰতিদ্বন্দ্বী সুৰেশ মোহনক পৰাস্ত কৰে৷ ইফালে নুৰপুৰত এছপিৰ প্ৰাৰ্থী নইম হাচানে নিকততম প্ৰতিদ্বন্দ্বীক বিশাল ভোটত পৰাস্ত কৰে৷