গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ অহা ১২ আৰু ১৯ মে' দুটা পৰ্যায় ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছতে অহা ২৩ মে'ত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে কেন্দ্ৰত চৰকাৰ কোনো গঠন কৰিব, কোন সমষ্টিৰপৰা ৰাইজে কোন দলৰ প্ৰাৰ্থীক সাংসদ হিচাপে নিৰ্বাচন কৰিব তাক লৈ ৰাজনৈতিক দল তথা সমগ্ৰ দেশবাসীৰ অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। 

দেশবাসীৰ সমান্তৰালকৈ নিৰ্বাচনৰ ফলাফল ঘোষণাত যাতে কোনো খোদ ৰৈ নাযায় অথবা ফলাফল ঘোষনাৰ দিনা যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় সেই কথা লক্ষ্য ৰাখি দেশৰ নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। একেদৰে অসমৰো ১৪ টা লোকসভাৰ সমষ্টিৰ ফলাফল ঘোষণা সম্পূৰ্ণ নিখুঁত আৰু নিয়াৰিকৈ সম্পন্ন হৈ যায় তাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগ সম্পূৰ্ণ সাজু হৈ উঠিছে। 

ৰাজ্যিক নিৰ্বাচনী আয়োগৰ এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে ২৩ মে' দিনা পুৱা ৮ বজাৰপৰা অসমৰ ১৪ টা লোকসভাৰ সমষ্টিৰ ১৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভোটগণনা আৰম্ভ হ'ব। অসমৰ ১৪ টা সমষ্টিৰ ভোটগণনা ৫১ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব। তাৰ বাবে ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে নিধাৰণ কৰিছে ৫১ টা নিৰ্দিষ্ট কেন্দ্ৰৰ। ইফালে, গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ মুঠ ১৭ গৰাকীৰ প্ৰাৰ্থীৰ ভোটগণনা বাবে আয়োগে নিৰ্ধাৰণ কৰিছে মুঠ চাৰিটা কেন্দ্ৰ। সেই অনুসৰি গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ, আমিনগাঁও, গোৱালপাৰা আৰু নলবাৰীত গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগণনা কৰা হ’ব। 

ভোটগণনাৰ বাবে কিমান বিষয়া কৰ্মচাৰী কেন্দ্ৰসমূহত নিয়োগ কৰিব সেই সম্পৰ্কত ৰাজ্যিক নিৰ্বাচন আয়োগে সঠিক সংখ্যা এতিয়াই কোৱা নাই যদিও পূৰ্বৰ নিৰ্বাচন সমূহৰ দৰে প্ৰয়োজন অনুসৰি বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হ’ব বুলি জানিবলৈ দিছে৷ একেদৰে নিৰাপত্তা দিশটোৰ বাবেও আয়োগে বিশেষ ব্যৱস্থা ভোটগণনা কেন্দ্ৰসমূহত গ্ৰহণ কৰিব৷