newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিত নিৰৱচ্ছিন্ন ভাবে লাডেনৰ তাণ্ডৱ অব্যাহত আছে।সোমবাৰে নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং শ্ৰমিক লাইনত দুজনকৈ লোকক হত্যা কৰে লাডেনে।খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চললৈ অহা লাডেনৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ আৰু বনবিভাগৰ লোকে।
মঙগলবাৰে নিশা প্ৰায় ১ বজাত লাডেনে পুনৰ নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং শ্ৰমিক লাইনত প্ৰৱেশ কৰি গুজৰী-গুমৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।লাডেনে শ্ৰমিক লাইনটোত প্ৰৱেশ কৰাৰ লগে লগে তাত বাস কৰা লোকসকলৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।সকলোৱে প্ৰাণৰ ভয়ত নিজৰ ঘৰ-দুৱাৰ এৰি পলায় যায়।