ডিফুঃ আশ্ৰমত বসবাস কৰা লোকক সহায় কৰিব কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ই এম ৰতন টেৰণে৷ ডিফু চহৰৰ সমীপৰ অসহায় লোকসকলৰ বসবাস কৰি অহা কল্যাণ আশ্ৰমৰ বাবে কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণ, অমৰ চিং তিচ’ আৰু সদস্য লুণচিং টেৰণ উপস্থিত হৈ কল্যাণ আশ্ৰমখনৰ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নত কৰাৰ আশ্বাস দিয়ে৷
কল্যাণ আশ্ৰমখনৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী সামৰিয়েই ৰতন টেৰণ, অমৰ চিং তিচ’ আৰু লুণ চিং টেৰণে ডিফু চহৰৰ সমীপৱৰ্তী গীতাশ্ৰমৰ ওচৰৰ কল্যাণ আশ্ৰমত উপস্থিত হৈ আশ্ৰম খনৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰি হতভম্ব হৈ পৰে৷