নগৰবেৰাঃ দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাহাৰপাৰা-গুমী সংযোগী মথাউৰিটোৰ অৱস্থা সুদীৰ্ঘ বছৰ ধৰি শোচনীয় হৈ পৰাত প্ৰতিটো বান পানীৰ সময়ত মথাউৰিটোৰ কেইবা ঠাইত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈ আহিছে।
এই মথাউৰিটোৰ চাৰিটা স্থানত উপযুক্ত ভাবে মেৰামতি কৰিবলৈ চৰকাৰে ইতিমধ্যে এছ ডি আৰ এফ আচঁনিৰ অধীনত ২ কোটি ৪৫লাখ টকা আৱন্টন দিয়া বুলি জানিব পৰা গৈছে। আজি উক্ত মেৰামতি কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ৪৮নং বকো বিধান সভা সমষ্টিৰ বিধায়িকা নন্দতা দাসে ।