গুৱাহাটীঃ গুৱাহাটীৰ শিল্পগ্ৰামত আজি  দিনজোৰা কাৰ্যসূচীৰে "গুৱাহাটী বায়'টেক পাৰ্কৰ" প্ৰতিষ্ঠা দিৱস আৰু বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয় l পুৱা ১১ বজাত আৰম্ভ হোৱা এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই l

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই প্ৰায় ৩৫ কোটি টকাৰ ব্যয়ৰে আমিনগাওঁত ৬৪ বিঘা মাটিত নিৰ্মাণ হ'বলগীয়া বায়'টেক পাৰ্কৰ মূল ভৱনৰ কথা উল্লেখ কৰে l  

এই অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক তথা জি এন আৰ চিৰ পৰিচালন সঞ্চালক নোমল চন্দ্ৰ বৰা, জীৱবিজ্ঞানী এছ পাৱেল, জ্যেষ্ঠ বিজ্ঞানী মদন গোপাল বৰঠাকুৰ ৰ প্ৰমূখ্য বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা এই বৰ্ষপূৰ্তি অনুষ্ঠানত 'নিউজলেটাৰ অফ গুৱাহাটী বায়টেক্' শীৰ্ষক এখনি বাৰ্ষিক মুখপত্ৰ প্ৰকাশ কৰা হয়। উল্লেখ্য যে গুৱাহাটী বায়টেক্ পাৰ্ক হ'ল উত্তৰ-পূব ভাৰতৰ প্ৰথমখন বায়'টেক পাৰ্ক।