প্ৰতীক ফটো
প্ৰতীক ফটো

গুৱাহাটীঃ ছোৱালী জোকাই ৰঙাঘৰৰ আলহী হ'ল তিনি যুৱক ৷ মহানগৰীৰ বেলতলাত পথেৰে শান্তভাৱে গৈ থকা ছোৱালীক অশ্লীল ইংগিত দিছিল এই যুুৱক কেইজনে ৷  

সুন্দৰী যুৱতী দেখি ৰ'বকে নোৱাৰা এই যুৱক কেইজন হৈছে সিদ্ধাৰ্থ দাস, পৃথ্বিৰাজ গৌতম আৰু ৰূপেশ্বৰ শৰ্মা।সেয়েহে আগ-পিছ নাচায় যুৱতীকেইগৰাকীক দিলে অশ্লীল ইংগিত।

যুুৱতী কেইগৰাকীও পিছ পৰি থকা বিধৰ নাছিল ৷ তেওঁলোকেও উভতি ধৰিলে উদণ্ড যুৱককেইজনক ৷ ততাতৈয়াকৈ খবৰ দিলে হাতীগাঁও আৰক্ষীক ৷

ঘটনাটোক কেন্দ্ৰ কৰি বেলতলাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় হাতীগাঁও আৰক্ষী ৷

আৰক্ষী অহাৰ পিছতো শান্ত হোৱা দেখা নগল যুৱকেইজনক ৷ তাৰ বিপৰীতে টেঁটুলৈকে সুৰাপান কৰা যুৱকেইজনে আৰক্ষীকো আক্ৰমণৰ চেষ্টা চলায় ৷

ইয়াৰ পিছতে আৰক্ষীয়ে উদণ্ড যুৱককেইজনক কৰায়ত্ত কৰি থানালৈ লৈ যায় ৷ আনহাতে এনে উদণ্ড যুৱকৰ বাবে যুৱতীসকল ঘৰৰ বাহিৰত প্ৰায়ে অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি মন্তব্য কৰে অধিকাংশ লোক ৷ সেয়ে এনে উদণ্ড যুৱকক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷