গুৱাহাটীঃ আমি খিলঞ্জীয়া মানুহ, সোণোৱাল মহাশয় আমাক ইয়াতে থাকিব দিয়ক৷ যদি বাংলাদেশী আছে আপোনালোকে খেদক উঠাই দিয়ক আমাৰ কৰ লগা নাই৷ আমি ভোট দি আপোনালোকক চৰকাৰ বনাই দিছো৷ কিন্তু আপোনালোকে আমাক শাস্তি দিছে৷ আমাৰ লৰা-ছোৱালী পৰীক্ষা দিব নাপালে৷ আমাৰ ঘৰ ভাঙি দিলে৷ শ-শ লোকৰ মুখত এতিয়া এনে মন্তব্য আমচাঙত৷ বহু লোকে কলে আমি মৰি যাম তথাপিও আমি মাটি এৰি নিদিও৷ আমি খিলঞ্জীয়া মানুহ আমি বাংলাদেশী নহয়৷
ৰাজ্য চৰকাৰ তথা সৰ্বানন্দ সোণোৱালক এতিয়া এনে কাতৰ আহ্বান হাজাৰ হাজাৰ লোকৰ৷ আমচাঙত সোমবাৰে পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ পুৱাই প্ৰশাসনৰ বৃহৎ দল উপস্থিত হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ আমচাঙত প্ৰশাসনৰ লোকক উচ্ছেদ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি হাজাৰ হাজাৰ লোক ৰাজ পথলৈ ওলাই আহে৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বৃহৎ সংখ্যক লোক উপস্থিত হোৱাৰ লগে লগে স্থানীয় লোক ওলাই আহি আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ মুখামুখী হয়৷ প্ৰায় ২০টা হাতী, এক্সেভেটৰ লৈ প্ৰায় ১৫০০০ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হোৱাত উত্তেজিত হৈ পৰে ৰাইজ৷ একাংশ লোকে বাট ভেটা দিয়ে প্ৰশাসনৰ৷