কোকৰাঝাৰ/ গোসাঁইগাঁওঃ অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা মিথিয়াছ টুডুৰ আজি পৰলোক প্ৰাপ্তি ঘটে।দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত গ্ৰাহামপুৰস্থিত নিজা বাসভৱনত প্ৰায় অচল অৱস্থাত থকাৰ পাছত যোৱা বুধবাৰে শ্বাসকষ্ট আৰম্ভ হোৱাত পৰিয়ালৰ লোকে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শুভম হাস্পতালত ভৰ্তি কৰায়। বিগত ছয়দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত আজি দুপৰীয়া ১২•১৫ বজাত বৰ্ষীয়ান নেতা গৰাকীয়ে ইহসংসাৰ ত্যাগ কৰে ।
উল্লেখ্য যে ১৯৫৭ চনত ২৮ নং গোসাঁই গাঁও বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ মিথিয়াছ টুডুৱে পিছলৈ কংগ্ৰেছত যোগদান কৰিছিল। ১৯৫৭ চনৰ পৰা একেৰাহে ১৯৯১ চনলৈ সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি একপ্ৰকাৰ ৰেকৰ্ড গঢ়ি তোলে।