ছিপাঝাৰ/মঙলদৈঃ দৰিদ্ৰ পৰিয়ালৰ যুৱতী সাবিত্ৰীৰ প্ৰেমত পৰিছিল বৰ মানুহৰ সন্তান কন্দৰ্পই। কন্দৰ্পৰ পৰিয়ালে এই কথা গ্ৰহণ কৰিব নোৱাৰি কন্দৰ্পক কলিকতালৈ পঠিয়াই দিছিল পৰিয়ালে৷ সাবিত্ৰীৰ বিয়া আন এজন যুৱকৰ সৈতে থিক কৰে যদিও বিয়াৰ নিশা সাবিত্ৰীয়ে পলাই গৈ আশ্ৰয় লয় ছিৰাজ নামৰ ইছলামধৰ্মী মানুহজনৰ ঘৰত।
ছিৰাজৰ ভগ্নী ফাতেমাই সাবিত্ৰীক গৰ্ভৱতী বুলি অৱগত হয়৷ কিছু দিন পিছত সাবিত্ৰীয়ে কন্যা সন্তানৰ জন্ম দি মৃত্যুক আকোৱালি লয়৷ ছিৰাজ আৰু ভগ্নী ফাতেমাই সাবিত্ৰীৰ কন্যাৰ নাম দিয়ে নুৰ আৰু সীতা। ছিৰাজ আৰু ভগ্নী ফাতেমাই কন্যা সন্তানটোক তালি-তুলি দাঙৰ দীঘল কৰে৷ এই খিনি বৰ্ণনা আছিল ছিৰাজ নাটকৰ হে৷