ডিজেটেল ডেস্কঃ নতুন বছৰত ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকৰ বাবে আনিছে সুখবৰ। বেংক কৰ্তৃপক্ষই চহৰ অঞ্চলৰ গ্ৰাহকৰ ছেভিংছ একাউন্টত নিম্নতম জমাৰাশি ৩০০০ টকা থকাটো বাধ্যতামূলক কৰিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ চাপত পৰি নিম্নতম জমা টকাৰ পৰিমাণ কম কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে ষ্টেট বেংকে৷

তথ্য অনুসৰি ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈ যিসকল গ্ৰাহকে নিম্নতম বেলেঞ্চ ৰাখিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ জৰিমণা বিহাৰ ফলত বেংকে লাভ কৰিছে ১৭৭২ কোটি টকা। ইপিনে এই তথ্য প্ৰকাশ পোৱাৰ পিছতে  নিয়ম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

তথ্য অনুসৰি নিম্নতম বেলেঞ্চ ১০০০ টকা কৰাৰ কথা এছ বি আইয়ে চিন্তা-চৰ্চা কৰিছে। উল্লেখ্য, ২০১৭ চনৰ জুন মাহত বেংকে ঘোষণা কৰি চহৰ অঞ্চলৰ ছেভিংছ একাউন্টৰ নিম্নতম বেলেঞ্চ ৫০০০ টকা ৰাখিব লাগিব বুলি কৈছিল।

পাছত গ্ৰাহকৰ তীব্ৰ প্ৰতিবাদৰ বাবে সেয়া কমাই ৩০০০ টকা কৰা হয়। বৰ্তমান ভাৰতীয় ষ্টেট বেংকৰ বিভিন্ন শাখাত মুঠ ২৭ কোটি ছেভিংছ একাউন্ট আছে। লক্ষণীয় যে অন্যান্য বেংক সমূহৰ তুলনাত ভাৰতীয় ষ্টেট বেংকৰ নিম্নতম বেলেঞ্চ বহু বেছি কিন্তু বেচৰকাৰী বেংকৰ তুলনাত কম।

দেশৰ চাৰিটা বৃহত্তম বেচৰকাৰি বেংক আইচিআইচিআই, এইচডিএফচি, কোটাক আৰু এক্সিছৰ ছেভিংছ একাউন্টত নিম্নতম ১০ হাজাৰ টকা ৰখাটো বাধ্যতামূলক।