newsnextone.com | ডিজিটেল ডেস্কঃ সৰ্বমুঠ ৭০ শতাংশ ভোটদানেৰে সামৰণি পৰে কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া৷ শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২টা সমষ্টিত ভোট দান অনুষ্ঠিত হৈছিল৷ ভোটদান সমাপ্ত হোৱাৰ পাছতে ৰাজনৈতিক বিশ্লেষকে অনুমান কৰা মতে কংগ্ৰেছ ডাঙৰ পাৰ্টি হৈ ওলাই অহাৰ লগতে জেডিএছ কিং মেকাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে৷
নিউজ চেনেলৰ চাৰ্ভে মতে, কৰ্ণাটকত সকলোতকৈ ডাঙৰ দল কংগ্ৰেছ হ’বলৈ গৈ আছে৷ যোৱা প্ৰায় ২ মাহ তীব্ৰ প্ৰচাৰৰ অন্তত শনিবাৰৰ পুৱাৰে পৰা ভোটদান আৰম্ভ হৈছে৷ পুৱাই ঘৰৰ পৰা মানুহ ওলাই অহা পৰিলক্ষিত হয় আৰু ভোটদান কৰাৰ বাবে লাইনত থিয় দিয়ে৷ টাইমছ নাও চাণক্যৰ এগজিট পোল মতে, ১২০ খন লাভ কৰিব পাৰে বিজেপিয়ে৷ ৭৩ খন আসন কংগ্ৰেছে আৰু জিডিএছে লাভ কৰিব পাৰে ২৬ খন আসন৷ বিজেপি আৰু কংগ্ৰেছৰ মাজত মুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে৷