65
ডিজিটেল ডেস্কঃ কেলিফৰ্ণিয়াৰ নৰ্থ ৰীজ উপত্যাকাত বিদ্যুত কেন্দ্ৰ এটাত শনিবাৰে ট্ৰান্সফৰ্মাৰ বিস্ফোৰিত হোৱাৰ ফলত ১ লাখ ৪০ হাজাৰৰো অধিক গ্ৰাহকৰ বিদ্যুতসেৱা ব্যাহত হোৱাৰ উপৰিও সমগ্ৰ উপত্যকাটোত ব্যৱসায়, ট্ৰাফিক স্তব্ধ হৈ পৰে।
নৰ্থৰীজস্থিত পানীযোগান আৰু শক্তি বিভাগৰ প্ৰকল্প এটাত শনিবাৰে আৱেলি ৬ বাজি ৫৩ মিনিটত প্ৰথমে বিস্ফোৰণ আৰু তাৰ পিছতে সংঘটিত অগ্নিকাণ্ডৰ ফলত ১১ টা মণ্ডলৰ এটা বৃহৎ এলেকা স্তব্ধ হৈ পৰে।