ডিজিটেল ডেস্কঃ হিংসা-বিদ্বেষ বিয়পোৱা ভিডিঅ’ৰ ওপৰত কঢ়া নজৰ দিয়াৰ কথা ঘোষণা কৰিছে ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গে। ২০১৭ বৰ্ষৰ আৰম্ভণিতে বিশেষ ব্যৱসায়িক সফলতা লাভ কৰা ফেচবুকে ফেচবুকত ভাইৰেল হোৱা ভিডিঅ’বোৰৰ চোকা দৃষ্টি ৰখাৰ বাবে সাজু কৰিছে এক বিশেষ টিম।
এক বিশ্ব সম্প্ৰদায় সৃষ্টিৰ বাবে ফেচবুকে বিভিন্ন ধৰণৰ টুলচ্ তৈয়াৰ কৰাৰ কামত নিৰবিচ্ছিন্নভাৱে লাগি থকাৰ কথা ব্যক্ত কৰি জুকাৰবাৰ্গে কৈছে যে ফেচবুকত সুস্থ চিন্তাৰ মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন কৌশলগত উপায় ফেচবুকৰ কাৰিকৰী টিমে উদ্ভাৱন কৰিছে।