ডিজিটেল ডেস্কঃ মনোৰঞ্জনৰ নতুন বাট মুকলি কৰিছে ফেচবুকে। জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইটটোত এইবাৰ চাব পৰা যাব হৰেক ৰকমৰ শ্ব’।

ফিকশ্যনৰ পৰা আৰম্ভ কৰি ৰিয়েলিটি শ্ব’, স্পৰ্টছৰ পৰা কুকিং ক্লাছ সকলোৱেই পোৱা যাব ফেচবুক দুনীয়াত। বৃহস্পতিবাৰে ফেচবুকৰ এই নতুন প্লেটফৰ্ম লঞ্চ কৰে মাৰ্ক জুকাৰবাৰ্গে। এই নতুন প্লেটফৰ্মৰ নাম ৰখা হৈছে watch।

৪০ টা অৰিজিনেল ছিৰিজেৰে আৰম্ভ হৈছে watch। পিছত এই সংখ্যা আৰু বৃদ্ধি হ’ব বুলি জানিব পৰা গৈছে। অৱশ্যে বৰ্তমান আমেৰিকাতেই দেখা যাব watch। লাহে লাহে বিশ্বৰ আন দেশবোৰতো এই সেৱা উপলব্ধ হ’ব।

মোবাইল, ডেস্কটপ, টিভি এপছ সকলোতে পোৱা যাব watch। ইয়াৰ ফলত যিসকল নতুন লোকে শ্ব’ কৰিবলৈ আগ্ৰহী, তেওঁলোকৰ বাবে নতুন দৰ্শক সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। এই শ্ব’ৰ জৰিয়তে উপাৰ্জনৰো সুযোগ লাভ কৰিব বুলি জানিব পৰা গৈছে।

পেছাদাৰী সংস্থাৰ লগতে যিকোনো আগ্ৰহী লোকে ইচ্ছা কৰিলেই watchৰ বাবে শ্ব’ কৰিব পাৰে। এটা শ্ব’ৰ আদৰ্শ সময় ৫ মিনিটৰ পৰা ৩০ মিনিট বুলি ফেচবুকৰ তৰপৰ পৰা জনোৱা হৈছে।

ইতিমধ্যে ইউটিউব আৰু স্নেপচাটত এই ধৰণৰ শ্ব’ প্ৰচুৰ আছে। সেয়া হ’লেও ফেচবুকত যিহেতু আন একাধিক সুবিধা আছে সেয়ে ইয়াৰ জনপ্ৰিয়তা অধিক হ’ব বুলি আশা কৰা হৈছে। ফেচবুকৰ এই ঘোষণাই ইউটিউবকো ভিতৰি ভিতৰি শংকিত কৰি তুলিছে।