16
Jun
2017
ডিজিটেল ডেস্কঃ ইউৰোপীয় সংঘৰ ভাবুকিত ভয় খাইছে ফেচবুকে। সেয়ে সংশোধনীৰ দিশে আগবাঢ়িছে জনপ্ৰিয় সামাজিক গণমাধ্যমটো।
দৰাচলতে ফেচবুকত অবাধে চলি থকা চৰমপন্থী বিষয়বস্তুৰ প্ৰতি চোকা নজৰ ৰাখি সেয়া নিয়ন্ত্ৰণাধীন নকৰিলে বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰ ভাবুকি দিছিল ইউৰোপীয় সংঘৰ নেতৃবৰ্গই।
সেয়ে ন আইনসহ গণমাধ্যমটোত চৰমপন্থী বিষয়বস্তু আঁতৰোৱাৰ বাবে অধিক কৰ্মচাৰী নিয়োগ কৰা হ’ব বুলি ফেচবুকে বিবৃতিযোগে প্ৰকাশ কৰিছে।
সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত এই নতুনকৈ নিয়োজিত কৰ্মচাৰীসকলক প্ৰশিক্ষণো দিয়া হ’ব বুলি বিবৃতিটোত প্ৰকাশ পাইছে।
উল্লেখ্য যে গ্ৰেট বৃটেইন আৰু ফ্ৰান্সে ফেচবুককে ধৰি অনলাইন মাধ্যমবোৰে সন্ত্ৰাসবাদ বিয়পোৱা বিষয়বস্তুৰ প্ৰতি নজৰ নাৰাখি বেপৰোৱাহ দৃষ্টিভংগী দৰ্শোৱাৰ পৰিপ্ৰেক্ষিততে নতুন আইন প্ৰণয়ন কৰি সেইবোৰ সামাজিক গণমাধ্যমক জৰিমনা বিহাৰ কথা কৈছিল।