গুৱাহাটীঃ ৱাটছএপ-ফেচবুকক যুৱ প্ৰজন্মই এতিয়া জনমত গঢ়াৰ অন্যতম মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে৷ যিকোনো ঘটনাৰ প্ৰতিক্ৰিয়া, কবিতা, গল্প, ভ্ৰমণ কাহিনী প্ৰতিবাদৰ বাবে জনমত গঢ়াৰ ক্ষেত্ৰতো ৱাটছএপ ফেচবুকক যুৱ প্ৰজন্মই ঋণাত্মক দিশত ব্যৱহাৰ কৰা দেখা গৈছে৷
ফিল’বাৰী অঞ্চলৰ যুৱ উদ্যোগী, সাংবাদিক, চিত্ৰ শিল্পী, কবি কিৰণজ্যোতি হাজৰিকা (৩২) ৰ মৃতদেহ ২ জুলাইত নামনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত উদ্ধাৰ হৈছিল৷ শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া এক চিত্ৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে কিৰণজ্যোতিয়ে ৰেলৰে ৰাওনা হোৱাৰ পাছতে মৃতদেহ উদ্ধাৰ হোৱাত ৰাজ্যৰ ফেচবুক-ৱাটছএপ ব্যৱহাৰকাৰী সকলে দুখ প্ৰকাশ কৰি অসমৰ এটি সম্ভৱনা হেৰাই গ’ল বুলি মনোভাব ব্যক্ত কৰিছিল৷