গুৱাহাটীঃ ৱাটছএপ-ফেচবুকক যুৱ প্ৰজন্মই এতিয়া জনমত গঢ়াৰ অন্যতম মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে৷ যিকোনো ঘটনাৰ প্ৰতিক্ৰিয়া, কবিতা, গল্প, ভ্ৰমণ কাহিনী প্ৰতিবাদৰ বাবে জনমত গঢ়াৰ ক্ষেত্ৰতো ৱাটছএপ ফেচবুকক যুৱ প্ৰজন্মই ঋণাত্মক দিশত ব্যৱহাৰ কৰা দেখা গৈছে৷ 

ফিল'বাৰী অঞ্চলৰ যুৱ উদ্যোগী, সাংবাদিক, চিত্ৰ শিল্পী, কবি কিৰণজ্যোতি হাজৰিকা (৩২) ৰ মৃতদেহ ২ জুলাইত নামনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত উদ্ধাৰ হৈছিল৷ শ্বিলঙত অনুষ্ঠিত হ'বলগীয়া এক চিত্ৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে কিৰণজ্যোতিয়ে ৰেলৰে ৰাওনা হোৱাৰ পাছতে মৃতদেহ উদ্ধাৰ হোৱাত ৰাজ্যৰ ফেচবুক-ৱাটছএপ ব্যৱহাৰকাৰী সকলে দুখ প্ৰকাশ কৰি অসমৰ এটি সম্ভৱনা হেৰাই গ’ল বুলি মনোভাব ব্যক্ত কৰিছিল৷ 

ইয়াৰ মাজতে ফেচবুক ৱাটছএপৰ জড়িয়তে শিল্পী গৰাকীৰ কৰ্মৰাজীক আগুৱাই নিয়াৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে একাংশ লোকে৷ অসমৰ চিত্ৰশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে, অসমৰ চুকে-কোণে থকা প্ৰতিভাসম্পন্ন শিল্পীসকলক বিচাৰি উলিয়াই সংস্থাপনৰ বাট মুকলি কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাৰে দিহিঙে-দিপাঙে ভ্ৰমি ফুৰা শিল্পী, তৰুণ সম্ভাৱনাময় কবি, সংগঠক কিৰণজ্যোতি হাজৰিকাৰ ২ জুলাইত ৰহস্যজনকভাবে মৃত্যু হয় বুলি এটি মেচেজ প্ৰচাৰ কৰা হৈছে৷ 

মেচেজটোত আৰু কোৱা হৈছে- তেওঁৰ শৰীৰ অচেতন অৱস্থাত ব্ৰহ্মপুত্ৰ মেইলত ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু ৰেলৱে চিকিৎসা বিষয়াই মৃত বুলি ঘোষণা কৰে৷ ৩ জুলাইত নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰোৱা হয়৷ শিল্পী গৰাকীৰ অকাল বিয়োগত পৰিয়াললৈ সমবেদনা জ্ঞাপন আৰু আৰ্থিক বৰঙণিৰে তেঁওৰ শিশুকেইটিৰ ভৱিষ্যতৰ বাবে এটি পুঁজি গঠন কৰা হ’ব৷ 

৮ জুলাই শনিবাৰে 'বাটৰ কেনভাচ’ৰ তৰফৰ পৰা শিল্পীগৰাকীৰ গৃহলৈ যোৱা হ’ব৷ দেওবাৰে পুৱা তিনিচুকীয়াত সকলো লগ হৈ ফিল’বাৰী অভিমুখে যোৱা হ’ব৷ আমি সকলোৱে শিল্পীগৰাকীৰ সন্তানৰ শিক্ষাৰ বাবে এটি পুঁজি গঠন কৰি পৰিয়াললৈ আগবঢ়োৱাৰ চিন্তা কৰিছো৷ যিয়ে যেনেকৈ পাৰে এই পুঁজিলৈ ধন আগবঢ়াই শিল্পীজনৰ সন্তানৰ ভৱিষ্যতৰ বাবে সহযোগ কৰো আহক৷ সহায় কৰিব বিচৰা সকলে 9435003824, 9401732214, 9954287476, 9706268514 নম্বৰত যোগাযোগ কৰিব পাৰিব৷ এনেদৰে শিল্পী জনক সহায় কৰাৰ বাবে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷