জাগীৰোডঃ ৰাজ্যত আজিও সক্ৰিয় জালনোট ব্যৱসায়ী৷ জালনোট ব্যৱসায়ীয়ে অসম আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে জালনোটৰ ব্যৱসায়৷ ৰাজ্যৰ বিভিন্ন ঠাইত জালনোটৰ ৰমৰমীয়া ব্যৱসায় কৰি টকা ঘটি গৈছে এটি চক্ৰই৷ মৰিগাঁও জিলাৰ পাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগান ধৰা হয় জালনোট৷
জালনোট চক্ৰৰ সম্ৰাট জালত পৰাৰ পিছতেই এই কথা পোহৰলৈ আহে ৷ ৯০ লাখ ১৫ হাজাৰ টকাৰ জালনোট ইতিমধ্যে ৰাজ্যৰ বিভিন্ন যোগান ধৰিছে মৰিগাঁও জিলাৰ মাহমুদৰ ৰচিদে৷ জালনোট প্ৰচলনৰ হোতা জালনোটৰ সম্ৰাট নামেৰে বিখ্যাত মাহমুদৰ ৰচিদক বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছতেই সমস্ত ঘটনা পোহৰলৈ আহে৷