ডিজিটেল ডেস্কঃ আজি ‘বিশ্ব জল দিৱস’৷ ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আজিৰ দিনটোতেই জল দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তেতিয়াৰে পৰা ২২ মাৰ্চত জল দিৱস পালন কৰি আহিছে সমগ্ৰ বিশ্বই৷ পানীয়েই হৈছে জীৱনৰ আধাৰ৷ পানীৰ অবিহনে প্ৰাণ থকাটো অসম্ভৱ৷
পানী কৃষিকাৰ্যৰ বাবেও অপৰিহাৰ্য৷ যিহেতু কৃষি কাৰ্যৰ জৰিয়তে উৎপাদিত সামগ্ৰীয়েহে পেটৰ ক্ষুধা নিবাৰণ কৰে৷ গতিকে পানীৰ অপচয় ৰোধ কৰি পানী সংৰক্ষণ কৰাটোৱেই হৈছে ‘বিশ্ব জল দিৱস’ পালনৰ মূল তাৎপৰ্য হোৱা উচিত৷