Home ৰাজ্যঔষধত আবৰ্জনা, সোণাৰিত জীৱন দায়িনী ঔষধৰ নামত ভেজাল ঔষধ বিক্ৰী কৰাৰ অভিযোগ

ঔষধত আবৰ্জনা, সোণাৰিত জীৱন দায়িনী ঔষধৰ নামত ভেজাল ঔষধ বিক্ৰী কৰাৰ অভিযোগ

by News Desk
59 views
A+A-
Reset

newsnextone.com | চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰিত জীৱন দায়িনী ঔষধৰ নামত ভেজাল ঔষধ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী লোকক ফাৰ্মাচিত দিব খোজা বেজীৰ ভিতৰত লেতেৰা পদাৰ্থ উদ্ধাৰ হোৱা বুলি দাবী কৰে এজন লোক আৰু তেওঁৰ পৰিয়ালে। এখন ফাৰ্মাচিৰ পৰা ক্ৰয় কৰা ঔষধৰ ভিতৰত উদ্ধাৰ হয় আবৰ্জনা সদৃশ সামগ্ৰী। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সোণাৰিত।

জানিব পৰা মতে, চৰাইদেউৰ সাপেখাটী মিদংপাৰা গাঁৱৰ প্রণৱ গগৈ নামৰ যুৱকজনে দেহত আঘাত পোৱাত বেজী লব লগা হয়। সোণাৰিৰ এখন ফাৰ্মাচিৰ পৰা ডিলনা ডিচলনফেনেক-চডিয়াম নামৰ বেজী লবলৈ ধৰাৰ সময়তে বটলত আবৰ্জনা ভাহি থকা প্ৰত্যক্ষ কৰে। ৰোগীৰ লগতে পৰিয়ালৰ সদস্যসকল লগে লগে ,সেই বেজী নিদিবলৈ কয়। তাৰ পিছতে অইন বেজী আনিবলৈ বাধ্য হয় ফাৰ্মাচিখনে। ঔষধ নিৰ্মাতা প্রতিষ্ঠানটোৱে নিম্নমানৰ ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে বুলি অভিযোগ উত্থাপন হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0