Home গুৱাহাটীমধ্যপ্ৰাচ্যৰ পৰা চলিছে অসম জ্বলোৱাৰ ষড়যন্ত্ৰ, ফেচবুকত অসমত ‘হাংগামা’ লগা বুলি প্ৰচাৰ

মধ্যপ্ৰাচ্যৰ পৰা চলিছে অসম জ্বলোৱাৰ ষড়যন্ত্ৰ, ফেচবুকত অসমত ‘হাংগামা’ লগা বুলি প্ৰচাৰ

by News Desk
63 views
A+A-
Reset

newsnextone.com |  গুৱাহাটীঃ ৰাজপথত হাজাৰ হাজাৰ মানুহ। হাজাৰ হাজাৰ মানুহে আৰক্ষীক খেদি লৈ আহিছে। আৰক্ষীৰ গালৈ শিলাবৰ্ষণ কৰিছে। চিঞৰ বাখৰ কৰা হৈছে। ফেচবুকত আপলোড কৰা হৈছে এনে দৃশ্যৰ এটা ভিডিঅ’। ভিডিঅ’ আপলোড কৰি কোৱা হৈছে যে অসমত হাংগামা লাগিছে। কাৰণ হৈছে এনআৰচি। মুঠৰ ওপৰত এতিয়া অসম জ্বলাবলৈ একাংশ লোকে উঠি পৰি লাগিছে। ছ’চিয়েল মিডিয়াত এনেদৰে ভিডিঅ’ আপলোড কৰি সমাজক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰাৰ চেষ্টা কৰা হৈছে।

অসমৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নথকা একাংশ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি অসম জ্বলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ লোকে। এই ষড়যন্ত্ৰ অসম বা ভাৰতত কৰা নাই। এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে মধ্য প্ৰাচ্যত। একাংশ লোকে বাৰে বাৰে অসমত হাংগামা লগা বুলি ভিডিঅ’ যোগে প্ৰচাৰ কৰিব খুজিছে। শেহতীয়াকৈ একঘণ্টা পূৰ্বে  Abdul Kadir Chy নামৰ ফেচবুক একাউণ্টৰ জৰিয়তে (NRC ko lekr assam mai hungama) এনআৰচিক লৈ অসমত হাংগামা বুলি কেপচন লিখি ভিডিঅ’ আপলোড কৰে। ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশ লোকে এই ভিডিঅ’টো ভুৱা বুলি দাবী কৰে।  ভিডিঅ’টো কোন ঠাইৰ বুলি বাৰে বাৰে কমেণ্ট কৰিছে যদিও লোকজনে এতিয়ালৈ উত্তৰ দিয়া নাই। আনহাতে ফেচবুকৰ গৰাকীৰ ঠিকনা চৌদি আৰবৰ জেড্ডাৰ বুলি উল্লেখ আছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0