নতুন দিল্লীঃ দেশৰ অন্নদাতা কৃষকৰ সৈতে পুনৰ সংঘৰ্ষত লিপ্ত হ’ল আৰক্ষী। নিজৰ অধিকাৰৰ দাবীৰে কৃষকৰ 'দিল্লী চলো’ আন্দোলনৰ মাজতে শম্ভূ সীমান্তত সৃষ্টি হয় কৃষক-আৰক্ষীৰ তীব্ৰ সংঘাত। শনিবাৰে পুৱা ১০১ জন কৃষকে শান্তিপূৰ্ণ সমদল কৰি দিল্লী অভিমুখে ৰাওনা হয়। কিন্তু শম্ভূ সীমান্ত পোৱাৰ পিছত আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে।
কৃষকসকলে বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। আৰক্ষীয়ে জলকামান আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীক ভেটা দিবলৈ চেষ্টা কৰে। এই সংঘৰ্ষত ১৭ জন কৃষক আহত হয়।
এই ঘটনাৰ পিছত কৃষকসকলে ‘দিল্লী চলো’ অভিযান স্থগিত ৰাখে। অৱশ্যে ভৱিষ্যতে আন্দোলনটো কেনেদৰে আগুৱাই নিব পাৰি সেই বিষয়ে নিজৰ মাজতে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে। কৃষক নেতা তেজবীৰ সিঙে কয় যে আজিৰ কাৰ্যসূচী পিছুৱাই দিয়া হৈছে। কাৰণ হাৰিয়ানা আৰক্ষীৰ কন্দুৱা গেছ আক্ৰমণত ১৭ জন কৃষক আহত হৈছে।
তেওঁ কয়, "আমি অতি সোনকালে পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিম।" উল্লেখ্য যে, পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষক সংগঠনসমূহে শস্যৰ নূন্যতম সমৰ্থন মূল্য, কৃষি ঋণ ৰেহাই, পেঞ্চন, বিদ্যুতৰ বিল বৃদ্ধি নকৰাকে ধৰি কেইবাটাও দাবীৰ বাবে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ১৩ ফেব্ৰুৱাৰীৰ পৰা শম্ভূ আৰু খানৌৰী সীমান্তত কৃষকসকলে অৱস্থান গ্ৰহণ কৰিছে।
তাৰ পিছৰে পৰা তেওঁলোকে কেইবাবাৰো ‘দিল্লী চলো’ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে যদিও আৰক্ষীয়ে বাৰে বাৰে তেওঁলোকক দিল্লীত প্ৰৱেশ কৰাত বাধা দি আহিছে। শম্ভূ সীমান্তত আৰক্ষীয়ে ১৬৩ ধাৰা আৰোপ কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ ফলত কৃষকৰ আন্দোলন কঠিন হৈ পৰে।
ইফালে কৃষকৰ ওপৰত আৰক্ষীৰ এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কৃষক নেতা সৰৱান সিং পান্ধেৰে। তেওঁ কয় যে কৃষকৰ শান্তিপূৰ্ণ আন্দোলন আৰক্ষীৰ বৰ্বৰতাৰে ৰোধ কৰিব নোৱাৰি। তেওঁ কয়, "আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম।"