নতুন দিল্লীঃ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংসদত আয়োজন কৰা আলোচনাত প্ৰধানমন্ত্ৰীৰ ভাষণত উত্থাপন হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ দাবী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত বৈচিত্ৰ্যৰ দেশ, কিন্তু সেই বৈচিত্ৰ্যত ঐক্যই আমাৰ মূল শক্তি।
মোদীয়ে কয়, “আজি কিছুমান মহলে বিভাজনৰ বিষ বিয়পাই ভাৰতৰ ঐক্য বিনষ্ট কৰাৰ চেষ্টা কৰিছে।” তেওঁ লগতে কয়, “ভাৰত কেৱল বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ নহয়, ই গণতন্ত্ৰৰ জননী।” প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰতৰ গণতন্ত্ৰ প্ৰাচীন আৰু প্ৰগতিশীল, যিটো সংবিধানত প্ৰতিফলিত হৈছে। কিন্তু বৰ্তমান সময়ত এই সংবিধান দিৱসত অংশগ্ৰহণ নকৰা একাংশ লোকে বিভাজন সৃষ্টিৰ চেষ্টা চলাইছে।