ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই মন্তব্য কৰি সততে বিতৰ্কত সোমাই পৰা দেখা যায়৷ কিন্তু এইবাৰ ৰাম ভক্ত হ’ল ফাৰুক আব্দুল্লা৷ শণিবাৰে নতুন দিল্লীত আয়োজিত এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়োৱাৰ পিছতে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷
আব্দুলাই কয়, ‘মই মুছলমান হ’ব পাৰোঁ৷ কিন্তু কিয় জানো, ভগৱান ৰামৰ প্ৰতি মোৰ অগাধ ভক্তিভাৱ আছে’৷ আব্দুলাই এই মন্তব্য কৰাৰ লগতে সংবাদমেলত এটি ভজন পৰিৱেশন কৰি ৰামৰ প্ৰতি থকা ভক্তিপ্ৰেমৰ কথা দোহাৰে৷ তদুপৰি ফাৰুক আব্দুলাই, এনেবোৰ কাৰণৰ বাবে মুছলমানসকলে তেওঁক হিন্দু সমাজৰ লোক বুলি ভৱাৰ লগতে হিন্দু সকলে মুছলমান বুলি ভবা কথাটোও সংবাদমেলত ব্যক্ত কৰে৷