নগাঁওঃ যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ বৈপ্লৱিক পৰিবৰ্তন আনিবলৈ চেষ্টা চলাই আহিছে আনকি কণ-কণ ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ মধ্যাহ্ন ভোজনৰ নামত কোটি-কোটি টকা খৰচ কৰি আহিছে ঠিক তেনে সময়তেই একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে লুণ্ঠন চলোৱাৰ বাবে বাবেই শিশুসকলে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে।
ৰাইজৰ অভিযোগ অনুসৰি, নগাঁও জিলাৰ জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম কলাডুবা বালিকা মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ফৰিদা য়াচমিনৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ খাদ্য-সামগ্ৰী দীৰ্ঘদিন ধৰি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিয়ে। প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে নিজৰ স্বামী চাইদুৰ ইছলামক সংগী হিচাপে লৈ বিগত বৰ্ষত বিদ্যালয়ত ভোটদানেৰে নিৰ্বাচিত হোৱা পৰিচালনা সমিতিৰ সভাপতিক বিদ্যালয়ৰ প্ৰশাসনিক কাম কাজৰ পৰা বঞ্চিত কৰি পুৰণা পৰিচালনা সমিতিক লৈ আজিকোপতি কাম কাজ চলাই আহিছে বুলি কয় ৰাইজে।