মাজুলীঃ মাজুলীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক এটি বিশষ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত মাজুলীৰ সাংবাদিক মহল তথা সুধী সমাজ আনন্দিত হৈ পৰে৷ শৰালি আৰু বাৰিষা কালছোৱা অতি কষ্টৰে ৰদ-বৰষুণ একাকাৰ কৰি সাংবাদিকতা কৰা মাজুলীৰ সাংবাদিকে বিশেষ বঁটাৰ বাবে নিৰ্বাচিত হোৱাটো গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হোৱা বুলি কয় একাংশ লোকে৷
জানিব পৰা মতে, আপোচবিহীন সাংবাদিকতাৰে মাজুলীতে নহয় সমগ্ৰ অসমত খ্যাতি অৰ্জন কৰা নদীদ্বীপ মাজুলীৰ সাংবাদিক ৰাজীৱ পাটিৰে লাভ কৰিছে ২০১৭ বৰ্ষৰ সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা৷ সাংবাদিকতাকে জীৱনৰ সকলো বুলি ভবা সাংবাদিক ৰাজীৱ পাটিৰে সাংবাদিকতা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা আগবঢ়াইছে সাংবাদিক কৰ্ম পৰিষদৰ গোৱালপাৰা জিলা সমিতিয়ে৷