গুৱাহাটীঃ ২৬ অাগষ্টত চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক৷ উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰ অাৰু সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰি অহা উদীয়মান হস্তশিল্পৰ শিল্পী তথা ডিজাইনাৰসকলক অনুপ্ৰাণিত অাৰু উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এফুৱেন্ট ৰে’ অৱ লাইট-এ অায়োজন কৰিছে এই ফেশ্বন ইভেন্ট।
‘খাদী অান্দোলন-অসম সংস্কৰণ’ নামেৰে অায়োজন কৰা এই ফেশ্বন ইভেন্টত ৫০গৰাকীতকৈও অধিক ডিজাইনাৰ অাৰু থলুৱা শিপিনীয়ে অংশ ল’ব। এফুৱেন্ট ৰে’ অৱ লাইট নামৰ এই বেচৰকাৰী প্ৰতিষ্ঠানটোৱে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অাৰু সামাজিক প্ৰতিচ্ছবি বিশ্বৰ অাগত দাঙি ধৰিবলৈ সক্ষম হৈছে।