65
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বলদিয়াবাথাননৰ হেল নৈত মাছ ধৰিবলৈ গৈ পিতা পুত্ৰৰ সলিলসমাধি ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।
মাছ মাৰিবলৈ গৈ হেল নদীত সলিল সমাধী ঘটা পিতাপুত্ৰক ক্ৰমে ৰতিকান্ত ৰায়(৫৬)আৰু তেওঁৰ ৮ বছৰীয়া সন্তান বকুল ৰায় বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, কালি বিয়লি ৰতিকান্ত ৰায়ৰ কণমানি সন্তান বকুল ৰায়ে মাছ খাবলৈ পিতাকক আব্দাৰ কৰাত পিতাক ৰতিকান্তই পুত্ৰ বকুলক লৈ হেল নদীত মাছ মাৰিবলৈ যায়।