নগাঁওঃ নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত জুৰীয়া অঞ্চলত বৌদ্ধিক আন্দোলনৰ ক্ষেত্ৰত প্ৰথমবাৰৰ ভাবে আৰম্ভ হ’ব এক নতুন পৰম্পৰা। বৃহত্তৰ দগাঁও গ্ৰন্থমেলা আয়োজক সমিতিৰ উদ্যোগত আৰু দগাওঁ আদৰ্শ জাতীয় বিদ্যালয় সহযোগত ওচমান আলী সদাগৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৩০, ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত শিশু গ্ৰন্থমেলা-২০১৮ৰ অনুষ্ঠিত হ’ব।
বৰ্তমানৰ যান্ত্ৰিক যুগত শিশুসকলক চছিয়েল মিডিয়া, মোবাইল, লেপটপৰ কু-প্ৰভাৱৰ পৰা আঁতৰাই গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰা, গ্ৰন্থ অধ্যয়নেই যে জ্ঞানৰ একমাত্ৰ ভড়াল তাক শিশুসকলক উপলব্ধি কৰোৱাৰ লক্ষৰে মুলতঃ আয়োজক সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।