newsnextone.com | গুৱাহাটীঃ যোৱা তিনিটা দিনত অসমৰ হাজাৰ হাজাৰ লোকে ফেচবুকৰ জৰিয়তে ৰহাত বহুওৱা টোলগে’টৰ বিৰুদ্ধে মত পোষণ কৰিছে৷ প্ৰায় সংখ্যাক লোকেই ৰহাৰ টোলগে’টক সমৰ্থন কৰা নাই৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগতে জিএছটিৰ জৰিয়তে দেশৰ নাগৰিকক মাধমাৰ শোধোৱাৰ সময়তে টোলগে’ট বহুওৱা কাণ্ডই সকলোকে ক্ষোভিত কৰিছে৷ মুম্বাইৰ ইণ্ডাৰদ্বীপ কনষ্ট্ৰাকচনে যোৱা ১২ জুলাইৰ পুৱাৰে পৰা কৰ লবলৈ আৰম্ভ কৰিছে ৰ’হাৰ টোলগে’টত৷

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ জাতীয় দল-সংগঠনে যেনেদৰে মাত দিব লাগিছিল নতুবা প্ৰতিবাদ কৰিব লাগিছিল তেনেদৰে প্ৰতিবাদ কৰা দেখা ন’গল৷ পঞ্চৰত্নৰ পৰা গুৱাহাটী-যোৰাবাট-কমাৰগাঁও-মাকুম-চৈখোৱাঘাটলৈ থকা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আজিলৈ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই৷ আজিও গুৱাহাটীৰ মহানগৰীৰ সমীপৰ যোৰাবাট দ’ দ’ গাত খান্দি পথ নিৰ্মাণ কৰি আছে৷ যাৰ ফলত এজাক বৰষুণতে দুই-তিনি ফুট পৰ্যন্ত পানী জমা হয়৷ বনুৱাই নিতৌ কাম কৰি থকাৰ ফলত যান-বাহন এটা পথেৰে অহা যোৱা কৰিবলগীয়া হৈছে৷ তাৰ পিছতোঁ টোলগে’ট বহুৱাই অসমীয়া লোকৰ তেজ শুহি খোৱা কাণ্ড সংঘটিত কৰা বুলি ফেচবুকত অভিযোগ উত্থাপন হৈছে৷ 

চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰতিখন গাড়ীৰ পৰা কৰ লবলৈ আৰম্ভ কৰা কাণ্ডৰ বিৰুদ্ধে ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰি আহিছে৷ অসমৰ অসমীয়া, সাধাৰণ ৰাইজৰ হৈ মাত দিয়া দল-সংগঠন সমূহে যোৱা কিছু মাহ ধৰি একাংশ বিষয়ত মাত দিয়া পৰিলক্ষিত হোৱা নাই৷ এনে বিভিন্ন বিষয়ত ৰাইজে ছ’চিয়েল মিডিয়াতহে জনমত গঢ়াৰ চেষ্টা কৰা দেখা যায়৷ পুনৰ ৰহাৰ টোলগে’ৰ বিৰুদ্ধে ৰাইজে ছ’চিয়েল মিডিয়াত জনমত গঢ়ি তুলিবলৈ চেষ্টা কৰা দেখা যায়৷


Dhrubajyoti Gogoi নামৰ যুৱকজনে ফেচবুকত এটা পোষ্ট দি কয় ‘‘যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে চাৰিলেনযুক্ত ৩৭নং ঘাই পথৰ বহু ঠাইত ভাগি গৈছে। কিন্তু চাৰিলেনযুক্ত ৩৭নং ঘাই পথ সম্পূৰ্ণ নোহোৱাকৈ আমি ৰহা টোলগে’টত টুল কৰ দিয়াটো উচিত নে? ৰহা টোলগে’ট পােৱাত আমি ১০০ টকা টুল কৰ দিব লগা হ’ল। যদি আমি ২ বাৰ অহা-যোৱা কাৰোঁ তেতিয়া হলে ২০০টকা দিব লাগিব। অসমৰে মাটি, বালি, শিল, চিমেণ্ট আৰু পানী। আমি আহি আহি পালোহি যোৰাবাট৷ আকৌ দেখিছোঁ যোৰাবাটত বনুৱাই কাম কৰি আছে। যোৰাবাটত পাৰ হৈ আহি দেখিছোঁ ৯ মাইলত পানীয়ে পানী। গতিকে এয়ে পৰিৱৰ্তন নেকি?’’

Abbas Ali-এ কয় ‘‘আজিৰে পৰা মুকলি হ’ল ৰহাৰ টোলগে’ট। প্ৰতিখন চাৰিচকীয়া সৰু বাহনে এবাৰত দিব লাগিব ১৫০ টকা আৰু ট্ৰাক-বাছে দিব লাগিব ৫০০ টকা। প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিল্লীৰ প্ৰতিষ্ঠান ইণ্ডাৰদীপ কনষ্ট্ৰাকচনক দায়িত্ব দিলে টোলগে’ট চলোৱাৰ। নগাঁও ৰেজিষ্ট্ৰেচনৰ গাড়ীৰ আহ যাহ বোলে বিনামূলীয়া৷ সুবিধাকন ললোং আৰু৷’’


Prabin Hazarika-এ কয় ‘‘খবৰ ৰহাৰ টোলগে'ট স্থাপনেৰে চৰকাৰে ৰাইজক হাৰাশাস্তি কৰিছে৷ কিন্তু ৰহাৰ টোলগে’ট খন গগৈ চৰকাৰৰ দিনতেই পাতিছিল। তেতিয়া ৰাইজৰ প্ৰতিবাদত বন্ধ হৈছিল। গতিকে গগৈ ডাঙৰীয়াও ধোৱা তুলসিৰ পাত নহয়। যদি আকৌ গগৈ ডাঙৰীয়াই চৰকাৰ কৰিবলৈ সুবিধা পায় তেতিয়া টোলগে’ট খন একেবাৰে বন্ধ কৰিব পাৰিবনে? অৱশ্যেই হয় টোলগে’টৰ বৰ্ধিত কৰে ৰাইজক অসুবিধা দিছে। ইয়াৰ এটা সুব্যৱস্থা সোনকালে হ’ব লাগে।’’

Luit Neil Don-এ কয় ‘‘আজিৰে পৰা মুকলি হ’ল ৰহাৰ টোলগে’ট। প্ৰতিখন চাৰিচকীয়া সৰু বাহনে এবাৰত দিব লাগিব ১৫০ টকা আৰু ট্ৰাক-বাছে দিব লাগিব ৫০০ টকা। দল-সংগঠনৰ প্ৰতিবাদকো নেওচি চৰকাৰ-প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিল্লীৰ প্ৰতিষ্ঠান ইণ্ডাৰদীপ কনষ্ট্ৰাকচনক দায়িত্ব দিলে টোলগে’ট চলোৱাৰ।’’

Rajesh Kumar Nandi-এ কয় ‘‘ব্রেকিং নিউজ, ৰহাত টোলগে’ট মুকলি কৰাৰ প্রতিবাদত অহা ২২ জুলাইত অখিল গগৈৰ নেতৃত্বত বিশাল গণসমাৱেশ৷’’

শ্রী জিন্তু দাসে কয় ‘‘আজিৰে পৰা মুকলি হ’ল ৰহাৰ টোলগে’ট। প্ৰতিখন চাৰিচকীয়া সৰু বাহনে এবাৰত দিব লাগিব ১৫০ টকা আৰু ট্ৰাক-বাছে দিব লাগিব ৫০০ টকা। টোলগে’ট বন্ধ ৰখাৰ দাবীত ৰহাত ১২টা সংগঠনে হাতত লৈছিল প্ৰতিবাদী কাৰ্যসূচী। দল-সংগঠনৰ প্ৰতিবাদকোঁ নেওচি চৰকাৰ-প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিল্লীৰ প্ৰতিষ্ঠান ইণ্ডাৰদীপ কনষ্ট্ৰাকচনক দায়িত্ব দিলে টোলগে’ট চলোৱাৰ। পথ নিৰ্মাণ কৰিছে আমাৰ মাটিৰ ওপৰত, ৰাস্তা নিৰ্মাণৰ বাবে কৰ দিছোঁ আমি, গাড়ীখন ক্ৰয় কৰোঁতে কৰ দিছোঁ, গাড়ীখন ইঞ্চুৰেঞ্চ কৰোঁতে কৰ দিছোঁ, গাড়ীখন পঞ্জীয়ন কৰোঁতে কৰ দিছোঁ, ৰোড কৰ দিছোঁ, পাৰ্মিত-ফিটনেছ ইত্যাদি বনাওতে কৰ দিছোঁ, গাড়ী চালনৰ অনুজ্ঞা পত্ৰ লওঁতে কৰ দিছোঁ, গাড়ীখন চলাবলৈ পেট্ৰল-ডিজেল ক্ৰয় কৰোঁতে কৰ দিছোঁ, প্ৰতিটো বস্তু ক্ৰয় কৰোঁতে কৰ দিছোঁ, তাৰ পিছতো আকৌ আমাৰ ৰাস্তাত গাড়ী চলাবলৈ টেক্স কিয় দিম।’’

এনেদৰেই এতিয়া অসমৰ যুৱ প্ৰজন্মই ৰহাৰ টোলেগে’টৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আহিছে৷ এয়া কেইটামান উদাহৰণহে দিয়া হৈছে৷ প্ৰকৃততে যোৱা তিনিটা দিনত হাজাৰ হাজাৰ লোকে ফেচবুকত ৰহাৰ টোলগে’টৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আৰু টোলগে’ট বহুওৱা কাণ্ডৰ বিৰোধিতা কৰিছে৷