58
newsnextone.com | গুৱাহাটীঃ যোৱা তিনিটা দিনত অসমৰ হাজাৰ হাজাৰ লোকে ফেচবুকৰ জৰিয়তে ৰহাত বহুওৱা টোলগে’টৰ বিৰুদ্ধে মত পোষণ কৰিছে৷ প্ৰায় সংখ্যাক লোকেই ৰহাৰ টোলগে’টক সমৰ্থন কৰা নাই৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগতে জিএছটিৰ জৰিয়তে দেশৰ নাগৰিকক মাধমাৰ শোধোৱাৰ সময়তে টোলগে’ট বহুওৱা কাণ্ডই সকলোকে ক্ষোভিত কৰিছে৷ মুম্বাইৰ ইণ্ডাৰদ্বীপ কনষ্ট্ৰাকচনে যোৱা ১২ জুলাইৰ পুৱাৰে পৰা কৰ লবলৈ আৰম্ভ কৰিছে ৰ’হাৰ টোলগে’টত৷