গুৱাহাটীঃ ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা লোকসকলে নিজৰ নিজৰ মতামত অনায়াসে প্ৰকাশ কৰিব পাৰে৷ তাহানিৰ দৰে বাতৰি কাকতৰ যোগেৰেহে জনমত গঠনৰ বাবে চেষ্টা কৰাৰ প্ৰক্ৰিয়াৰ বিপৰীতে এতিয়া ছচিয়েল মিডিয়াত জনমত গঠন কৰাৰ চেষ্টা কৰা হয়৷ কেকিয়াবা কেতিয়াবা একো একোটা বিষয় ছচিয়েল মিডিয়াত খুবেই প্ৰচাৰ লাভ কৰে৷ 

কোনেৱেও কবলৈ সাহস নকৰা কোনো এটা বিষয় কোনো এজন লোকে কৈ দিয়াৰ ফলত তাক লৈ চিন্তা চৰ্চা আৰম্ভ হয়৷ তেনে এটাই পোষ্ট দি ফেচবুকত চৰ্চালৈ আহিছে এজন যুৱক৷ যুৱক জনৰ নাম হৈছে মনোজ গগৈ৷ উজনি অসমত সক্ৰিয় ডেৰ বছৰ পূৰ্বে জন্ম লাভ কৰা এটা সংগঠনৰ সভাপতিৰ দায়িত্ব লৈ থকা যুৱকজনে এটা জাতীয় সংগঠনক সমালোচনা কৰা পৰিলক্ষিত হয় যুৱকজনে যোৱা ২০ এপ্ৰিলৰ আবেলি ৫.৩৯ বজাত আপডেট দিছিল পোষ্টটো৷ ৷

অসম আন্দোলনৰ দৰে বিশ্ব বিখ্যাত আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক সমালোচনা কৰি দিয়া পোষ্টটোত অসম ধ্বংসৰ মূল আখ্যা দিয়া হয় সদৌ অসম ছাত্ৰ সন্থাক৷ যুৱকজনে সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰি ফেচবুকত লিখা এটি পোষ্ট যোগে আছুক প্ৰত্যাহ্বান জনাই বাৰ বাৰ। পোষ্টটোত আছুক বিভিন্ন দিশত সমালোচনা কৰি প্ৰশ্ন উত্থাপন কৰা হৈছে৷ 

পোষ্টটোত মনোজে কয় ‘‘পুনৰ মুকলি বিতৰ্কলৈ প্ৰত্যাহ্বান দিলো৷ সৎ সাহস আছে যদি আহক৷ আছু মানে অসমীয়া নহয়৷ অসমৰ স্বাৰ্থজনিত কথাবোৰৰ সিদ্ধান্ত লবলৈ আমি আছুক ঠিকা দি ৰখা নাই৷ মই চৰকাৰক আহ্বান জনাম যি কোনো সিদ্ধান্ত সাধাৰণ ৰাইজক জ্ঞাত কৰি লব৷ 

নহলে এইবাৰ সংগ্ৰাম চলিব, তীব্ৰ সংগ্ৰাম৷ আমি কোনো আছু-চাছুৰ সিদ্ধান্ত মানি নলওঁ৷ আজি এশবাৰ চিঞৰি চিঞৰি কম তথাকথিত সদৌ অসম ছাত্ৰ সন্থাৰ তথাকথিত নেতা কেইজনেই অসম ধ্বংসৰ মূল৷ সদৌ অসম ছাত্ৰ সন্থাক এই সকল নেতৃত্বৰ দিনত সকলোৱে ৰাজহুৱাকৈ বৰ্জন কৰক৷ এইসকলে জাতি ৰাখিম ৰাখিম কৈ নাটক এখন কৰি, গোটেই জাতিটোকে শেষ কৰি পেলালে৷ আছু হল ৰাজনৈতিক নেতা বনোৱা কাৰাখানা, তাতকৈ একো নহয়৷ 

মোৰ পুনৰ সমুজ্বল কুমাৰ ভট্টাচাৰ্যক প্ৰত্যাহ্বান৷ আপোনাৰ পাৰে যদি লিগেচী ৰাজহুৱা কৰক৷

পুনৰ কেইটিমান প্ৰশ্ন 

১) তেজ দিম, বিদেশী থাকিবলৈ নিদিম ৷ কোটি কোটি বিদেশী অসমত থাকিল, তেজ কেই মিলি গ্ৰাম দিলে? বি:দ্ৰ: ৫১ চনৰ ভিত্তিত শ্বহীদ হোৱা ৮৫৫ জনৰ কথাকৈ সেইবীৰ সকলক অপমান নকৰিব৷
২) তেজ দিম, বৃহৎ নদীবান্ধ হবলৈ নিদিও৷ কেই লিটাৰ তেজ দিলে অ? নদীবান্ধৰ কামচোন প্ৰায়ে হলেই৷
৩) তেজ দিম, বাংলাদেশক মাটি নিদিও৷ কেই গ্ৰাম তেজ দিলে অ? মাটি চোন বাংলাদেশক দি দিলে৷ 
৪) তেজ দিম তেল নিদিও৷ হে, হে, হে, কেইটোপাল তেজ দিলে, তেল চোন ডবল ডবল পাইপে নি শেষ কৰিলে৷
৫) তেজ দিম, অসমৰ তৈলক্ষেত্ৰ নিলাম হব নিদিও৷ কেই মিলিগ্ৰাম তেজ দিলে৷ ১২ খন কৈ তৈলক্ষেত্ৰ নিলাম হল৷
৬) তেজ দিম, ৰঙা নদী বান্ধ নিপকোক খুলিবলৈ নিদিম৷ 

কিমান তেজ দিলে হে? নিপকোৱে চোন আপোনালোকৰ প্ৰতিবাদৰ পাছতেই পানী এৰি গোটেই অসমৰ জনগণক বিধ্বস্ত কৰি পেলালে৷ আৰু হেজাৰ উদাহৰণ দিম প্ৰয়োজনত৷ এই নাটক বোৰ বন্ধ কৰক৷ আপোনালোকৰ বাবেই আজি অসমৰ খিলঞ্জীয়াই নিজৰ অস্তিত্বৰ বাবে উচুপিব লগা হৈছে৷ পাৰিলে মোৰ সতে মুকলি বিতৰ্কত লিপ্ত হওঁক৷ যদি সৎ সাহস আছে৷’’

উল্লেখ্য যে, ছচিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ কথা নতুন কৈ কোৱাৰ প্ৰয়োজন নাই। এই মাধ্যম যোগে মানুহে যিকোনো সময়তে বিশ্বৰ যিকোনো ঠাইত সংঘটিত খবৰ লাভ কৰি আহিছে। ইমানে নহয় মানুহে মনৰ অনুভৱ ব্যক্ত কৰাৰ এখন মঞ্চ হৈ পৰিছে ছচিয়েল মিডিয়া। দুৰ্নীতি, অনীতি, ভ্ৰষ্ট্ৰচাৰৰ কথাও ছচিয়েল মিডিয়াত প্ৰচাৰ হয়। 

জনমত গঢ়াৰ অন্যতম মাধ্যম হৈ পৰিছে ছচিয়লে মিডিয়া। চিনেমা জগতৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, খেলুৱৈ ৰাজনীতিকৰ পৰা পান দোকানীলৈ এতিয়া সকলোৱে ছচিয়েল মিডিয়াত ব্যস্ত। কিন্তু একাংশ লোকে ছচিয়েল মিডিয়াৰ জৰিয়তে ভুৱা প্ৰচাৰো চলাই আহিছে। এই মাধ্যমত মিছা খবৰো অতি সহজে বিয়পাব পাৰে।