ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে পঞ্জাব বিশ্ববিদ্যালয়৷ বিশ্ববিদ্যালয়ৰ চৌহদত নামভৰ্তিৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শনকাৰী ৫২ জন ছাত্ৰক আৰক্ষীয়ে আটক কৰাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
প্ৰকাশিত বাতৰি মতে, মঙলবাৰে এনএছইউআই, পাঞ্জাৱ ইউনিভাৰ্ছিটি ষ্টুডেণ্টছ ইউনিয়নেকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনে মাচুল বৃদ্ধিৰ প্ৰতিবাদত যৌথভাৱে বিশ্ববিদ্যালয় বন্ধৰ আহ্বান জনাইছিল৷ উপাচাৰ্য অৰুণ কুমাৰ গ্ৰোভাৰৰ সৈতে মাচুল বৃদ্ধিৰ বিষয়টো লৈ আলোচনাৰ দাবী কৰা ছাত্ৰ-ছাত্ৰীসকলক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ সঁহাৰি নিদিয়াৰ ফলত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে।