newsnextone.com | নগাঁওঃ মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ শ্ৰোতাক মুহিত কৰা গণশিল্পী সূৰ্য দাসৰ নামেৰে এটি ন্যাস দেওবাৰে নগাঁওস্থিত ড০ বি আৰ আম্বেদকাৰ ভৱনত গঠন কৰা হয়।
ন্যাসৰ দ্বাৰ মুকলি কৰে গণশিল্পী সূৰ্য দাসে। নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত ড০ আম্বেদকাৰ ভৱনত অনুষ্ঠিত সূৰ্য দাস ন্যাস মুকলি আৰু কৃতি ছাত্র-ছাত্রীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি, আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয় যে সূৰ্য দাস ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান।
আমি অসমীয়া জাতিয়ে যোগ্য জনক সন্মান দিব নাজানোঁ। আজি সূৰ্য দাসৰ যি ন্যাস গঠন হৈছে ই এক গৌৰৱৰ কথা। নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি ক্ষিতিশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম অনুসূচিত জাতি পৰিষদৰ সভাপতি, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীয়ে।