বিহালীঃ বৃহস্পতিবাৰে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ আঞ্চলিক সমিতিয়ে কেইবাগাৰকী চৈ-কোৱাং-ডো খেলুৱৈক সম্বৰ্ধনা জনায়৷ বিশ্বনাথ চাৰিআলি কোচগাঁৱৰ চেম্পিয়নচ মেকাৰ একাডেমীত অনুষ্ঠিত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সভাপতি বিজিত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত চৈ-কোৱাং-ডোৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা খেলুৱৈক সম্বৰ্ধনা জনায়৷
উত্তৰ প্ৰদেশৰ মথুৰাত অনুষ্ঠিত হৈ যোৱা চৈ-কোৱাং-ডোৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সোনৰ পদক লাভ কৰা অনুভৱ কাশ্যপ, ৰূমী প্ৰজা, হৰ্ষিতা ৰাগিনি শইকীয়া, পৰিস্মিতা শইকীয়া, বিশৱ নাৰ্জাৰী, ৰূপৰ পদক লাভ কৰা কুন্তলা বৰদলৈ, ৰাজৰ্ষি নাথ, ব্ৰঞ্জৰ পদক লাভ কৰা হিমাংশু শৰ্মাক সম্বৰ্ধনা যাচে সংগঠনটোৱে৷