ডিব্ৰুগড়ঃ সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমতিৰ উদ্যোগত বুধবাৰে এখন বিশেষ সভা অনুষ্ঠিত হৈ যায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ চাবুৱা অাঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখন জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি প্ৰাঞ্জল গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয়৷
সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই আতধৰা সভাখনত ডিকমৰ বিশিষ্ট সমাজসেৱক তথা ডিব্ৰুগড় জিলা অামছুৰ উপদেষ্টা চফি অালম খান অাৰু চাবুৱাৰ বিশিষ্ট সমাজসেৱক নিপুল কোঁৱৰক সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমতিয়ে বিশেষ ভাৱ সম্বৰ্ধনা যাচে৷
সমাজ খনৰ বিভিন্ন দিশত নিস্বাৰ্থ ভাবে কাম কৰাৰ লগতে দৰিদ্ৰ লোকক, অনুষ্ঠান-প্ৰতিষ্ঠানক সহায়-সহযোগ কৰি অহা দুয়োগৰাকী ব্যৱসায়ী নিপুল কোঁৱৰ আৰু চফি অালম খানক মানপত্র, শৰাই, গামোচাৰে সম্বৰ্ধনা যাচে সাংবাদিক সংগঠনটোৱে৷