newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত আলিটাঙনী, ধিঙগাঁও, কান্ধলীমাৰী, জাৰামাৰী, লাঙীয়া, আদি অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পকীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক কংগ্ৰেছৰ এটা সজাতি দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা যাচে৷ কংগ্ৰেছৰ যুৱ নেতা জিয়াউল ইছলাম সদাগৰৰ নেতৃত্বত যোৱা দলটোৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ডিষ্টিংচন লাভ কৰি সমষ্টি তথা নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কৃৰ্তী ছাত্ৰ-ছাত্ৰীক ঘৰে-ঘৰে গৈ শুভেচ্ছা জ্ঞাপন কৰে৷
জিয়াউল ইছলাম সদাগৰে শিক্ষা এটা জাতিৰ মেৰুদণ্ড, শিক্ষাৰ মাধ্যমেৰে আমাৰ সমাজ ব্যৱস্থাক পৰিবতৰ্ন কৰিব লাগিব বুলি কয়৷ বিজ্ঞান, প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ শিক্ষাক ছাত্ৰ-ছাত্ৰীয়ে আকোৱালি লব লাগিব বুলি কয়৷ তেতিয়াহে একো-একোজন উচ্চ শিক্ষিত ছাত্ৰই দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি কয় সদাগৰে৷