গোৰেশ্বৰঃ আদিম যুগ হেনো অস্থিৰ আছিল৷ আদিমযুগ হেনো ৰক্তপিপাসু লোকৰে ভৰি আছিল৷ মানুহবোৰ হেনো স্বেচ্ছাচাৰী আছিল৷ আদিম যুগৰ কথাবোৰ সাধু কথাৰ দৰেই লাগে৷ মহিলাক বিবস্ত্ৰ কৰা হৈছিল চাগে আদিম যুগতে৷
কিন্তু সাধুকথাৰ দৰে আদিম যুগৰ কথাবোৰ৷ ৰক্তপিপাসু, নৰহত্যাকাৰী বুলি আদিম যুগৰ মানুহক প্ৰতিদিনে উদাহৰণ দিয়াৰ নৈতিক অধিকাৰ নাই আধুনিক যুগৰ মানুহৰ৷ কিয়নো সমাজ খনত আদিম যুগৰ, মধ্যযুগৰ সেই ভয়াবহ সময়তকৈও ভয়াবহ কাণ্ড সংঘটিত হ’ব ধৰিছে৷ নিতৌ হত্যা, ধৰ্ষণ, যৌন নিৰ্যাতন সংঘটিত হৈ আহিছে৷