85
গুৱাহাটীঃ মাজুলীত বসবাস কৰা লোকসকলৰ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্য আদি সংকটাপন্ন হোৱা বুলি চৰ্চা হৈ আহিছে। ইমানে নহয় প্ৰতিবছৰে বানপানী, খহনীয়াৰ কবলত পৰি হাহাকাৰ কৰিব লগা হয় মাজুলীবাসীয়ে। মাজুলীৰ সংকটাপন্ন কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা সমস্যা সমূহ দাঙি ধৰিবলৈ এক প্ৰচেষ্টা চলাইছে অনুপম কৌশিক বৰা নামৰ এজন যুৱকে৷
