86
চাবুৱাঃ ডিকম আৰক্ষী চকীৰ অৰ্ন্তগত নাদুৱা চাইডিং তিনিআলিত শুকুৰবাৰে এক অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত এখন দোকান সম্পূৰ্ণৰূপে জাহ য়ায়। অৱশ্যে ডিকম আৰক্ষীৰ তৎপৰতাত সমীপৱৰ্তী আন দোকানসমূহ ৰক্ষা পৰে ৷
জানিব পৰামতে ভষ্মীভূত দোকানখনত লক্ষাধিক মূল্যৰ সা-সামগ্ৰী সামগ্ৰী আছিল ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয়৷